অনিদ্ৰাত ভুগিছে যদি

স্বাভাৱিক জীৱন যাপনৰ বাবে সঠিক হাৰত নিদ্ৰা অতিকে প্ৰয়োজন। বিশেষকৈ ৰাতি ভালদৰে টোপনি নহ'লে কৰ্মক্ষেত্ৰত তাৰ নেতিবাচক প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। সেয়ে নিশা নিয়মত বিচনাত পৰাতো প্ৰ‌য়োজন। কিন্তু বহুতৰেই বিচনাত পৰাৰ বহু সময়ৰ পাছলৈও টোপনি নহা দেখিবলৈ পোৱা যায়।এই অনিদ্ৰা আহে আমাৰ প্ৰধান কৈ মানসিক চাপৰ পৰা। সেয়ে গৱেষণা কৰি গৱেষক সকলে কিছুমান উপায় আগবঢ়াইছে।
তেওঁলোকে দাবি কৰিছে যে এনেধৰণৰ কিছুমান গছ আছে ;যিবোৰে শোৱাৰ কোখত ৰাখিলে সহজে টোপনি আহে। এইবোৰ গছ হ'ল -

১। ছাল কুৱঁৰী :

এলোভেৰা গছৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰাই চলি আহিছে।শুৱা কোঠাত এই গছ ৰাখিলে যথেষ্ট অক্সিজেন নিৰ্গত হয়।ফলত মানসিক চাপ হ্ৰাস হৈ সোনকালে টোপনি আহে

২। পাত বাহাৰ গছ:

শুৱা কোঠাত বিচনাৰ কাষত এইবিধ গছ ৰাখিব লাগে । এই গছে মূৰৰ বিষ তথা শাৰীৰিক অস্বস্তি কমাই নিদ্ৰা অনাত সহায় কৰে।

৩।শুৱা কোঠাত কিছুমান সুগন্ধি ফুলৰ গছ ৰাখিব পাৰে:

সুগন্ধি ফুলৰ গছে আমাৰ মনটো ভাল কৰি ৰাখে ফলত টোপনি সোনকালে আহে।।।

(সুকন্যা)

No comments:

Post a Comment