আমি যেতিয়া বুঢ়া হম
আমিও* *যেতিয়া* *বুঢ়া* *হ'ম*
এদিন হঠাৎ, চলি থকা ঘড়ীটো শ্লো হৈ যাব। ঘড়ীৰ কাটাৰ সমানে সমানে আমাৰ চুলিবোৰ বগা হ'ব। কেতিয়ানো সময়বোৰ গুচি যাব গমকে নাপাম। নজনাকৈ বুঢ়া হৈ যাম।
কুংফু পাণ্ডা বুলি জোকোৱা পেটলা লগৰটোৰ পেটটো আৰু ওলাব। আবেলি ফুৰিবলৈ আহি সি কুৰ্তাৰ পকেটত হাত ভৰাই পেট খজুৱাই মোবাইলত বনজিতৰ ফটো দেখুৱাই হয়টো মোক ক'ব- চোৱাহে। ই বুঢ়া ইমান হেণ্ডচাম কেনেকৈ হৈ থাকে।
সোমাই যোৱা গাল দুখনে মোৰ হাঁহিটো ৰখাব নোৱাৰিব। চেলাউলিৰ কটা দাগটো বাৰে বাৰে কঁপি উঠিব। সোলোক ঢোলোক চোলাটো বতাহৰ তালে তালে নাচি থাকিব।
হেলনীয়া সূৰ্যটোৰ ঠিক কাষে কাষে আমি গৈ থাকিম। ফুটপাথটো আমাৰ খোজে প্ৰতি দীঘল হৈ গৈ থাকিব।
মানুহজনে কলেজীয়া ল'ৰা এটাক কিবা কৈ আছে। হাতত এখন কিতাপ। ডাঠ ফ্ৰেমৰ চচমাযোৰ বাৰে বাৰে চকুত খাপ খোৱাকৈ পিন্ধিবলৈ চেষ্টা কৰি আমাক চাইছে। পঞ্চানন দা!
এদিন দুপৰীয়া বেংকৰ কাষত। মানুহ কম থকা বাছলৈ ৰৈ থাকোতে কোনোবাই দূৰৈৰ পৰা মাতিব। মনিব পাৰিম হয়টো। এই বুঢ়া বয়সতো ইমান মেকআপ! গালি খোৱাৰ ভয়ত হয়টো তাই আগতেই কৈ দিব, "কি কৰিবি আৰু, শ্বুটিঙৰ পৰা বাহিৰে বাহিৰে আহিছো।"
অলপ সময় মৌনতা। তাই ক'ব, "কি কৰিবি এতিয়া? বিয়েৰ খাবি?"
হাঁহি এটা থানথিত নোহোৱাকৈ গজা মোৰ পকা দাড়ি কেইডালত তিনিদিনমানলৈ ওলমি থাকিব। নন্দিতা।
আৰু হয়টো নভবাকৈ বাটে ঘাটে লগ পাই যাম বহু মানুহক। কাৰোবাৰ পিঠিৰ বিষ। কাৰোবাৰ ল'ৰাক বাইক লাগে। "ই মোক খাই মাৰিব বুজিছানে" বুলি ভোৰভোৰাই আতৰি যাব।
কোনোবা ঘৈণীয়েকৰ লগত ফুৰিবলৈ ওলাব। "ক'লৈ গ'লে ভাল হ'ব কওকচোন।"- বুলি লগ পোৱাই প্ৰতি বাৰে বাৰে সুধিব। হয়টো এদিন বিৰক্ত কৈ দিম- ভাল জেগা এটুকুৰা চাই মৰি যোৱাহে। পিছৰবাৰ তেওঁ দেখিলেও নেদেখা ভাও জুৰি আতৰি যাব।
কেতিয়াবা কাৰোবাৰ ঘৈণীয়েক ঘৰত নথকাৰ সুযোগ লৈ এদিনৰ বাবে চাদত সৰু বাৰ এখন খোলা হ'ব।
জিপিএফ, তেলৰ দাম, মেট্ৰিকৰ ৰিজাল্ট, ভাল কলেজ, বেংক বেলেঞ্চবোৰ ঘুৰি ফুৰিব দুই এজনৰ টকলা মূৰৰ ওপৰেৰে।
এজনে এনেই হয়টো আকাশলৈ হাত মেলি প্ৰণৱ কুমাৰ বৰ্মণ হৈ "তোমাৰ প্ৰেমত পৰিমেই" বুলি বাকীখিনি কি আছিল সুধিবলৈ ঘৈণীয়েকলৈ ফোন কৰিব।
আৰু... কোনোবা হয়টো পৰি থাকিব বিচনাত। ডায়েবেটিছ, প্ৰেচাৰ আৰু ডাক্টৰে কোৱা কথাষাৰ। দূৰৈত থকা পুতেকলৈ ৰৈ ৰৈ তেওঁৰ বেমাৰ বাঢ়িব। ডেকাকালৰ ফূৰ্তিবাজ মানুহজন জড় হৈ থাকি যাব…।
শইকীয়াই তেতিয়াও হয়টো ফটোগ্ৰাফীৰ ক্লাছ কৰি থাকিব। তালৈ মোৰ মেচেজ আৰু মেচেজৰ সাংঘাটিক উত্তৰবোৰ মাজে মাজে আহি থাকিব।
: চইকী, মই এটা ৰকেট লাঞ্চাৰ কিনিম।
: মজা "মাৰা"। তই কিনি উঠি প্ৰথমে এইটো উবেৰত ভাড়াত দি দিবি। বহুত টকা পাবি।
আৰু এদিন……
হয়টো কেতিয়াও নভবাকৈ কমলা আবেলি এটাত একেবাৰে চিনাকী এজনক লগ পাই যাম। গাড়ীবোৰৰ মাজত তেওঁ যোৱা ৰিক্সাখন নোহোৱা হৈ যোৱালৈ চাম। ভাল লগাকৈ কিবা মনত পৰি যাব। অকাৰণতে গান এটা গুণগুণাম।
আবেলিটো যাওঁ নাযাওঁকৈ আগুৱাই গৈ গৈ শেষত ঠেহ পাতি গছৰ ডাল এটাত দুলি থাকিব।
#সংগ্ৰহ
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment