বৃন্দাবন থিয়েটাৰ বুলিলেই দৰ্শকৰ মাজত আছে বিশেষ উৎসুকতা। নৱম নাট্যবৰ্ষত নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে বিশিষ্ট অভিনেতা তপন দাস, চিন্ময় কটকী।


আৰম্ভণীতে বিতৰ্কৰ মাজত সোমাই পৰা চিৰঞ্জীৱ থিয়েটাৰো প্ৰায় সাজু হৈছে আগন্তুক নাট্যবৰ্ষৰ বাবে। এদল নবীন নাট্যযুদ্ধাৰে সাজু হৈছে চিৰঞ্জীৱ থিয়েটাৰ। চলিত নাট্যবৰ্ষত নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতা অঞ্জন বেজ, বিপুল বৰাৰ লগতে নৱাগত অলিস্মীতা গোস্বামী।

হেঙুল থিয়েটাৰৰ নাট বুলিলেই আছে অন্য এক মাদকতা। এইবাৰ নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতা প্ৰসেনজীৎ। হেঙুলে এইবাৰ মঞ্চস্থ কৰিবলগীয়া হিমাংশু প্ৰসাদ দাসৰ মিচ ৰুক্মিণী হৰণ আৰু ৰাজদ্বীপৰ বাহাদুৰ নাটকখনে দৰ্শকৰ মাজত লাভ কৰিছে বিশেষ চৰ্চা।
অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ চুক্তি বাতিল কৰাকলৈ বিতৰ্কৰ মাজত সোমাই পৰা বৰদৈচিলা থিয়েটাৰে ইতিমধ্যে আৰম্ভ কৰিছে চলিত বৰ্ষৰ নাট্যযাত্ৰা। নাট্যদলটোৰ মৰমৰ বান্ধবী বিদায় দিয়া আৰু মহীয়সী নাটক দুখন ইতিমধ্যে দৰ্শকে আদৰি লোৱা পৰিলক্ষিত হৈছে।


বীৰাংগনা আৰু বাঘ নামত দুখন নাটকেৰে সাজু ৰাজমুকুট থিয়েটাৰো। অভিনয়ত আছে প্ৰাঞ্জনা দত্ত আৰু ৰাজকুমাৰ

No comments:

Post a Comment